District Court Kokrajhar Grade IV Job 2025 – এতিয়াই আবেদন কৰক

District Court Kokrajhar Grade IV Job 2025 – এতিয়াই আবেদন কৰক

কোকৰাঝাৰ জিলা আৰু অধিৱেশন বিচাৰপতিৰ কাৰ্যালয়ত পিওন (Grade IV) পদৰ ৪টা খালী পদ পূৰণৰ বাবে নিযুক্তি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে। এই পদৰ বাবে শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আৰু অন্যান্য সকলো তথ্য তলত দিয়া হৈছে।

District Court Kokrajhar: পদৰ তথ্য (Post Details)

পদৰ নামখালী পদৰ সংখ্যাসংৰক্ষণবেতনমান
পিওন (Grade IV)৪ টাUR – ২
SC – ১
PWD – ১
₹12,000 – ₹52,000 + GP ₹3,900 (অন্যান্য ভাতা সহ)

কোকৰাঝাৰ কোৰ্টৰ (District Court Kokrajhar) পিওন পদৰ বাবে শিক্ষাগত অৰ্হতা

শিক্ষাগত অৰ্হতা (Educational Qualification)

  • প্ৰাৰ্থীয়ে অন্তত অষ্টম শ্ৰেণী (Class VIII) উত্তীৰ্ণ হ’ব লাগিব।
  • উচ্চতৰ মাধ্যমিক (HS) বা তাতকৈ ওপৰৰ শিক্ষাগত অৰ্হতা থকা প্ৰাৰ্থী আবেদন কৰিব নোৱাৰিব।
  • আবেদনপত্ৰৰ সৈতে নিজে স্বাক্ষৰ কৰা এক ঘোষণা পত্ৰ জমা দিব লাগিব যাতে উল্লেখ থাকিব —
    “He/She has not passed HSSLC or equivalent examination or above.”

বয়সৰ সীমা (Age Limit) — 07-08-2025 তাৰিখ অনুসৰি

  • সাধাৰণ প্ৰাৰ্থী: 18 ৰ পৰা 40 বছৰ
  • SC/ST: ৫ বছৰ ছাড় (৪৫ বছৰলৈ)
  • OBC/MOBC: ৩ বছৰ ছাড় (৪৩ বছৰলৈ)
  • Ex-Servicemen: ২ বছৰ ছাড় (৪২ বছৰলৈ)
  • PWD (Divyangjan): ১০ বছৰ ছাড় (৫০ বছৰলৈ)

আৰু চাকৰিৰ খবৰ চাবলৈ ক্লিক কৰক👉 Toklai চাহ গৱেষণা প্ৰতিষ্ঠানত Food Analyst পদ খালী

District Court Kokrajhar: আবেদন কৰাৰ নিয়ম (How to Apply?)

  • আবেদনপত্ৰ পূৰ্ণ ৰূপে ভৰ্তি কৰি, নিন্মলিখিত নথিপত্ৰৰ স্ব-স্বাক্ষৰিত প্ৰতিলিপি লগত সংলগ্ন কৰিব লাগিব:
    • শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ
    • বয়সৰ প্ৰমাণপত্ৰ
    • জাতিৰ প্ৰমাণপত্ৰ (যদি প্ৰযোজ্য হয়)
    • বৈধ Employment Exchange ৰেজিষ্ট্ৰেচন কাৰ্ড
    • ৩ টা নতুন পাসপোৰ্ট ফটো (প্ৰাৰ্থীৰ স্বাক্ষৰ সহ)
  • আবেদন পত্ৰ মুদ্ৰিত খামত ভৰাই, বাহিৰত স্পষ্টকৈ “APPLICATION FOR THE POST OF PEON” বুলি লিখিব লাগিব।
  • আবেদন নিজে ড্ৰপ বক্সত দিব পাৰিব, বা তলত দিয়া ঠিকনালৈ ডাক/কোৰিয়াৰ যোগে পঠিয়াব পাৰিব।

📬 ঠিকনা (Address to send):

The District & Sessions Judge,
Court Para, Ward No-10,
P.O. & P.S.: Kokrajhar, District: Kokrajhar
Assam, PIN – 783370

বাছনি প্ৰক্ৰিয়া (Selection Process)

  • Interview/Viva-voce ৰ জৰিয়তে প্ৰাৰ্থী বাছনি কৰা হ’ব।
  • সাক্ষাৎকাৰৰ তাৰিখ, স্থান আৰু অনুমোদিত প্ৰাৰ্থীৰ নামৰ তালিকা কোকৰাঝাৰ আদালতৰ ৱেবছাইটত প্ৰকাশ কৰা হ’বঃ
    🔗 https://kokrajhar.dcourts.gov.in
  • আলাদা Call Letter প্ৰেৰণ কৰা নহ’ব, সেয়ে প্ৰাৰ্থীসকলক অনুগ্ৰহ কৰি নিয়মীয়াকৈ ৱেবছাইটটো চাবলৈ অনুৰোধ কৰা হৈছে।

District Court Kokrajhar: শেষ তাৰিখ (Last Date)

  • আবেদনৰ শেষ তাৰিখ: 07-08-2025 (সন্ধিয়া 5 বজালৈ)
  • সময়ৰ পিছত অহা আবেদন গ্ৰহণ কৰা নহ’ব।
  • ডাকযোগে পঠিওৱা আবেদন বিলম্ব হ’লে কাৰ্যালয় দায়ী নহ’ব।

গুৰুত্বপূর্ণ লিংকসমূহ (Important Links)

Share with your Friends & Family